পিতৃতান্ত্ৰিকতা:আটাইতকৈ পুৰণি আৰু মাৰাত্মক ভাইৰাছ যিয়ে মোৰ মাক গ্ৰাস কৰিছে

#Translation #Assamese

You can read the original piece in English by Anjali Agarwal titled ‘Patriarchy: The Oldest and Deadliest Virus that Claimed My Mother’ here.


যেতিয়াই মোক সোধা হয় “আপুনি নাৰীবাদী কিয়?”, মোৰ উত্তৰ একেই থাকে: মই মোৰ মাতৃৰ বাবে নাৰীবাদী। ডাঙৰ হৈ, মই সদায়ে ধাৰণা কৰিছিলোঁ যে তেওঁ এগৰাকী শক্তিশালী আৰু প্ৰগতিশীল মহিলা। মোৰ মনত আছে মই তেওঁৰ দৰে হ’ব বিচাৰিছিলোঁ। কিন্তু আজি, মই বস্তুবোৰ বেলেগ দৃষ্টিৰে দেখোঁ। হয়, মই এগৰাকী নাৰীবাদী কাৰণ মোৰ মাতৃ, যিয়ে দুখজনকভাৱে পিতৃতান্ত্ৰিকতা উপলব্ধি নকৰাকৈ সোমাই যোৱাৰ স্বত্বেও।

হাৰ্ভে ৱেইনষ্টাইনৰ বিৰুদ্ধে অগণন যৌন নিৰ্যাতন আৰু উৎপীড়নৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত যোৱা কেইবছৰমানত দৈনন্দিন কথোপকথনত ‘পিতৃতান্ত্ৰিকতা’ শব্দটোৱে ব্যাপক গুৰুত্ব লাভ কৰিছে। ৰাজহুৱা পৰিৱেশত এইটো উন্মোচিত হোৱা আৰু #MeToo আন্দোলনৰ উত্থান প্ৰত্যক্ষ কৰাটোৱে মোক গৌৰৱান্বিত কৰিছিল। মই অনুভৱ কৰিছিলোঁ যে যদি মই মহিলাৰ সমস্যা আৰু আধুনিক সমাজত লিংগৰ ভূমিকাৰ বিষয়ে যথেষ্ট জোৰেৰে কথা কওঁ তেন্তে অৱশেষত মোৰ কণ্ঠস্বৰ শুনিব পাৰিব। এনে লাগিছিল যেন মহিলাসকলে এক উমৈহতীয়া শত্ৰু –পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে একেলগে গোট হোৱাৰ এটা সোনালী সুযোগ।দুৰ্ভাগ্যবশতঃ, মই এই শত্ৰুক আৰু কেনেকৈ ই এক বহল মনৰ পৰিয়ালত অনুপ্ৰৱেশ কৰিব পৰা উপায়বোৰক অৱমূল্যায়ন কৰিছিলোঁ।

যেতিয়া #MeToo আন্দোলনটোৱে বিভিন্ন উদ্যোগৰ অগণন মহিলাক তেওঁলোকৰ কাহিনী ক’বলৈ আগবাঢ়ি অহাৰ লগে লগে আকৰ্ষণ লাভ কৰিবলৈ আৰম্ভ কৰিছিল, মই এই বিষয়ত মোৰ মাৰ সৈতে একাধিক আলোচনাত লিপ্ত হ’বলৈ আৰম্ভ কৰিছিলো। মই তেওঁক কৈছিলো যে মই এই সকলো মহিলাৰ বাবে গৌৰৱান্বিত, মই আশা কৰিছিলো যে তেওঁলোক আগবাঢ়ি আহিব আৰু তেওঁলোকৰ সন্মুখীন হোৱা জঘন্য কাৰ্য্যবোৰ উদঙাই তুলিব। দুৰ্ভাগ্যবশতঃ, তেওঁ মোৰ দৰে একেই অনুভৱ কৰা নাছিল। এই মহিলাসকলক কিয় বিশ্বাস কৰা উচিত তেওঁ বুজা নাছিল। তেওঁ তেওঁলোকৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন কৰিছিল আৰু দোষটো তেওঁলোকৰ ওপৰত জাপি দিছিল।

“তেওঁলোকে এইবোৰ সহ্য কৰি কিয় গৈছিল? তেওঁলোক আগতে কিয় আগবাঢ়ি অহা নাছিল? তেওঁলোকৰ কিছুমানে সম্ভৱতঃ মিছা কৈছে।” মই বিশ্বাস কৰিব পৰা নাছিলো যে এই শব্দবোৰ তেওঁৰে মুখৰ পৰা ওলাই আহিছে। মই চিনি পোৱা শক্তিশালী মহিলাগৰাকী নাইকিয়া হৈ গৈছিল। তাৰ পৰিৱৰ্তে, তেওঁক এনে এজন ব্যক্তিৰ দৰেলগা হৈছিল যাক মই আৰু চিনাক্ত কৰিব পৰা নাছিলোঁ। মই তেওঁক বুজাইছিলো যে পৰিস্থিতিবোৰ বেলেগ আছিল। যে নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাসকলৰ চাৰিওফালে সদায় এটা কলঙ্ক আৱৰি আছে আনহাতে পুৰুষসকল সদায় যিকোনো ধৰণৰ দায়বদ্ধতাৰ পৰা মুক্ত হৈ আহিছে। 

মোৰ মায়ে তেওঁৰ মনটো সলনি কৰিবলৈ অমান্তি হৈছিল। তেওঁৰ সৈতে খৰগোচৰ গহ্বৰত ঘূৰি ফুৰাৰ পৰিৱৰ্তে, মই সিদ্ধান্ত লৈছিলোঁ যে আমি অসন্মত হ’বলৈ সন্মত হ’ম। মই সেই উত্তপ্ত বাৰ্তালাপৰ পৰা আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলো, কেইমাহমান পিছত যেতিয়া মই তেওঁৰ সৈতে বিষাক্ত কৰ্মস্থানৰ বিষয়ে কথা পাতিছিলোঁ। সেই সময়ত, মই এটা কোম্পানীত কাম কৰি আছিলো য’ত মই গভীৰভাৱে অসন্তুষ্ট আছিলোঁ। ক্ষমতাৰ পদত থকা এজন পুৰুষ উচ্চপদস্থয়ে মোৰ কান্ধত হাত ৰাখি সেইবোৰ মালিচ কৰিবলৈ চেষ্টা কৰিছিল। এইটো দুখদায়ক আছিল আৰু মোক অত্যন্ত অস্বস্তিকৰ অনুভৱ কৰাইছিল।

মই এই ঘটনাটো মোৰ মাৰ ওচৰত প্ৰকাশ কৰিছিলো আৰু তেওঁৰ অসংলগ্ন সঁহাৰিটোৱে মোৰ বাবে সকলো সলনি কৰি দিছিল – “তেওঁ সম্ভৱতঃ তোমাক ভাল অনুভৱ কৰাব বাবে কৰিছে। মই মোৰ বছৰ পৰা মালিচ এটা ল’বলৈ ভাল পাম যদি মোৰ ওচৰত এটা থাকে, ই আৰামদায়ক”। মই স্তম্ভিত হৈ গৈছিলো। তেওঁ কেৱল এই অশালীন আচৰণৰ সমৰ্থন কৰাই নহয়, তেওঁ লগতে পৰামৰ্শ দিছিল যে মই ইয়াক উপভোগ কৰা উচিত। মই সেই ৰাতি টোপনি যাবলৈ কান্দিছিলো। সঁচাকৈ ক’বলৈ গ’লে, মই নাজানো মই কিয় আচৰিত হৈছিলোঁ। এইগৰাকী একেগৰাকী মহিলা যিয়ে আন মহিলাসকলক যৌন নিৰ্যাতনৰ বাবে দোষাৰোপ কৰে। যদি তেওঁ নিজৰ ছোৱালীয়ে এক অস্বস্তিকৰ অভিজ্ঞতাৰ মাজেৰে যায় তেন্তে তেওঁ কিয় বেলেগ ধৰণে ভাবিব?

আৰু তেতিয়াই এইটো মোৰ মনলৈ আহিছিল। মোৰ মা সমস্যাটোৰ মূল নহয়। গোটেই প্ৰণালীটোতে সমস্যা আছে। পুৰুষতান্ত্ৰিকতা হৈছে সমস্যা। সেয়েহে তেওঁ “সকলোৰে শক্তি আৰু দুৰ্বলতা আছে”ৰ সৈতে অপমানজনক আচৰণক সহ্য কৰে। এইটোৱেই তেওঁক মই সৰু অৱস্থাত মুখত ফেয়াৰ এণ্ড লাভলী লগাবলৈ হেঁচা দিছিল কিয়নো “তুমি বগা আৰু ধুনীয়া হ’ব নিবিচাৰা নেকি?” সেইকাৰণে তাই মোক নিৰন্তৰ কৈছিল যে মই “থিতাপি ল’ব লাগিব”। তেওঁ মোৰ দেউতাৰ সুবিধাৰ বাবে নিজৰ কেৰিয়াৰ আৰম্ভণিতে এৰি দিছিল আৰু সেইটো তেওঁৰ পচন্দৰ সিদ্ধান্ত আছিল, সেয়েহে তেওঁ বুজি নাপায় যে মোৰ কেৰিয়াৰ মোৰ বাবে কিয় অতি গুৰুত্বপূৰ্ণ আৰু বিয়া কৰাটো যে মোৰ প্ৰাথমিকতা নহয়। পিতৃতান্ত্ৰিকতাৰ বাবেই মোৰ ভাযইটিয়ে কঠোৰ সুৰত কথা কব পাৰে কিন্তু যদি মই তেওঁ সন্মত নোহোৱা বিষয় এটাৰ বিষয়ে যুক্তিসঙ্গত আলোচনা কৰিবলৈ চেষ্টা কৰোঁ, মই “অসন্মানজনক” আৰু “ঘুৰাই উত্তৰ দিয়া” হয়। 

পিতৃতান্ত্ৰিকতা নৰকলৈ যাওঁক। এইটোৱে মোৰ মাক ভাইৰাছৰ দৰে ধৰি ৰাখিছে আৰু নিৰ্মূল কৰিবলৈ অস্বীকাৰ কৰিছে। এইটোৱে তেওঁৰ নৈতিকতা আৰু সততাৰ ওপৰত থকা মোৰ আস্থাক ধ্বংস কৰিছে। কেতিয়াবা মই অনুভৱ কৰোঁ যে তেওঁক এই কথাটোয়ে বিৰক্ত কৰে যে মই মতামত দিওঁ। যে মই কোন তাৰ বাবে মই কাৰো পৰা ক্ষমা নিবিচাৰো। যে মই সামাজিক চাপৰ প্ৰতি ভয় খাবলৈ অস্বীকাৰ কৰোঁ। মই অৱগত যে তেওঁ নিজেও কেতিয়াও কথা কোৱাৰ সুযোগ পোৱা নাছিল আৰু ‘মানুহে কি ক’ব’ বাবে সদায় তেওঁৰ সম্পূৰ্ণ সম্ভাৱনাৰ পৰা আঁতৰি আছিল। সামাজিক নিয়ম আৰু মানুহক আনন্দিত কৰাটোৱেই তেওঁক আজিৰ নিচিনাকৈ গঢ় দিছিল। পিতৃতান্ত্ৰিকতা হৈছে তেওঁ আৰু আন অগণন মহিলাৰ সৈতে হোৱা ঘটনাবোৰ যিয়ে কৰুণভাৱে তেওঁলোকক তেওঁলোকৰ নিজৰ সুখক পিছফালে ৰাখিবলৈ বাধ্য কৰাইছে। তথাপিও, মই অটল আছোঁ। পুৰুষতান্ত্ৰিকতা কিমান ক্ষতিকাৰক হ’ব পাৰে আৰু ইয়ক সলনি কৰাটো আমাৰ বাবে কিয় অত্যাৱশ্যকীয় সেই বিষয়ে মই তেওঁক শিক্ষিত কৰিবলৈ চেষ্টা কৰি যাম।


Dimpi Sarma

Translated by Dimpi Sarma

Dimpi is a research scholar in the Department of Folklore Research, Gauhati University. She loves writing and translating emotions from one language to the other. Her special areas of interest include literature, culture, narration, diplomacy, lifestyle and general affairs. Her hobbies are trying out new cafes in town, painting and watching web series. She hopes to write her own book one day, but she has yet to find the theme of her book.


Note: If you find any ways to make this translation better, please reach out to us here.

WhatsApp
Facebook
Twitter
LinkedIn
Email

Related Articles

Trinbagonian Dosti Roti (2-in-1 Roti)

A Recipe for a Perfect Friend

How thooh Maek a Perfest Frayendee: UhW Rehkipay How To Approach Changing One’s Mind Perfest Frayendee (Uh Rehkipay) Engredeeientays: Getee

Because I am

Because I am

The author of this piece lost all memory of a girl he used to be in love with after undergoing

Scroll to Top